সমনীয়া…

মানুহে মানুহৰ বাবে,যদিহে অকণো নেভাবে,অকণি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া….মানুহে মানুহৰ বাবে,যদিহে অকণো নেভাবে,অকণি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া…. মানুহে মানুহৰ বাবে….. মানুহে মানুহক বেছিব খুজি,মানুহে মানুহক কিনিব খুজি,মানুহে মানুহক বেছিব খুজি,মানুহে মানুহক কিনিব খুজি,পুৰণি ইতিহাস দুহাৰিলেভুল জানো নহ’ব কোৱা সমনীয়া…. মানুহে মানুহৰ বাবে,যদিহে অকণো নেভাবে,অকণি সহানুভূতিৰেভাবিব কোনেনো কোৱা সমনীয়া…. মানুহে মানুহৰ বাবে….. দুৰ্বল মানুহে যদি,জীৱনৰ কোবাল…

মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া….
মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া….

মানুহে মানুহৰ বাবে…..

মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
মানুহে মানুহক বেছিব খুজি,
মানুহে মানুহক কিনিব খুজি,
পুৰণি ইতিহাস দুহাৰিলে
ভুল জানো নহ’ব কোৱা সমনীয়া….

মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া….

মানুহে মানুহৰ বাবে…..

দুৰ্বল মানুহে যদি,
জীৱনৰ কোবাল নদীত,
পাৰ হয় তোমাৰে সাহত,
তুমি হেৰুৱাবানো কি ?
দুৰ্বল মানুহে যদি,
জীৱনৰ কোবাল নদীত,
পাৰ হয় তোমাৰে সাহত,
তুমি হেৰুৱাবানো কি ?
মানুহ যদিহে নহয় মানুহ,
দানৱ কাহানিও নহয় মানুহ,
মানুহ যদিহে নহয় মানুহ,
দানৱ কাহানিও নহয় মানুহ,
যদি দানৱ কাহানিবা হয়েই মানুহ,
লাজ পাব কোনেনো কোৱা সমনীয়া….

মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া….
মানুহে মানুহৰ বাবে,
যদিহে অকণো নেভাবে,
অকণি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া….

Leave a comment